ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীৰ ৰং ভৱনত লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনৰ প্ৰচাৰৰ সময় নিৰ্ধাৰণ

♦ নতুন দিল্লীৰ ৰং ভৱনত কালি আসন্ন লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনযোগে প্ৰচাৰৰ সময় নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি প্ৰতিটো ৰাষ্ট্ৰীয় দলক আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে ৪৫ মিনিটকৈ সময় প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ৬টা ৰাষ্ট্ৰীয় দলৰ বাবে প্ৰচাৰ তথা সম্প্ৰচাৰৰ বাবে অতিৰিক্ত চাৰে ৫ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় দলসমূহক অহা ১৬ আৰু ২৩ এপ্ৰিলৰ লগতে ৩, ১০, ১৭, ২২ আৰু ২৯ মে’ত প্ৰচাৰ আৰু সম্প্ৰচাৰৰ সময় প্ৰদান কৰা হৈছে।