ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি চাৰে তিনি বজা পর্যন্ত ৫৬. ৪-১ শতাংশ ভোটদান সম্পন্ন হৈছে।

তিনিচুকীয়া জিলাত ৪৮. ১-৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০. ৯-৪ শতাংশ, শিৱসাগৰত ৫৭. ৭-২ শতাংশ, মাজুলীত ৬১. ৬-৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫-১ শতাংশ, ধেমাজিত ৬২. ১ শতাংশ, লখিমপুৰত ৬৬. ৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬. ৮-৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮. ৫-৫ শতাংশ, হাইলাকান্দিত ৬০.১-০ শতাংশ আৰু শ্ৰীভূমি জিলাত ৬০. ১-৫ শতাংশ ভোটদান সম্পন্ন হৈছে। সামগ্রিকভাৱে ভোটদান প্রক্রিয়া শান্তিপূর্ণভাৱে অনুষ্ঠিত দুই-এটা স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহি পৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলিবাৰী গাঁও পঞ্চায়তত চাৰি শতাধিক লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, এহেজাৰ ১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰু ১১ হাজাৰ ৩৯০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।