নতুন দিল্লীত আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হব। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াবোৰৰ প্ৰত্যেককে বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা বিনিময়ৰ এখন মঞ্চ দিব। এই সন্মিলনত IT Architecture, ফলপ্রসূ যোগাযোগ ব্যৱস্থা, সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰসাৰ বৃদ্ধিৰ লগতে আধুনিক নির্বাচন ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হব।