ডাউনলোড
মোবাইল এপ

android apple
signal

উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ

নির্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ কৰিছে। ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এয়া হ’ব উপ-ৰাষ্ট্ৰপতিৰ সপ্তদশ নিৰ্বাচন। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনখড়ে যোৱামাহত পদত্যাগ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যক লৈ গঠিত নির্বাচক মণ্ডলীয়ে উপ-ৰাষ্ট্ৰপতি নির্বাচন কৰে। এন ডি এই চি পি ৰাধাকৃষ্ণণক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। বিৰোধী আই এন ডি আই মিত্রজোঁটে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্রার্থিত্ব দিছে।