ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 7, 2024 1:29 PM | Election Commission

printer

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ নির্বাচনী আয়োগৰ

নির্বাচনী আয়োগৰ সংস্থাসমূহে নির্বাচন হ’বলগীয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড তথা উপ- নির্বাচন হ’বলগীয়া অন্যান্য ৰাজ্যসমূহত পাঁচশ আঠাৱন্ন কোটি টকা নগদ ধন, ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। আয়োগে জনাইছে যে মহাৰাষ্ট্ৰত চলা অভিযানত প্রায় দুশ আশী কোটি টকা জব্দ কৰা হৈছে। আনহাতে ঝাৰখণ্ডৰ পৰা এতিয়ালৈকে প্ৰায় এশ আঠাৱন্ন কোটি টকা জব্দ কৰাৰ বাতৰি পোৱা গৈছে। আয়োগৰ তথ্য অনুসৰি ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত নির্বাচন হ’বলগীয়া ৰাজ্য দুখনত জব্দ কৰা ধনৰ পৰিমাণ তিনিগুণ বৃদ্ধি পাইছে। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সকলো বিষয়াক নিৰ্বাচনৰ সময়ছোৱাত যিকোনো ধৰণৰ প্ৰৰোচনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।