January 24, 2026 12:09 PM | Election Commission

printer

কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি ভাৰতীয় নির্বাচন আয়োগৰ

ভাৰতীয় নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াক কর্তব্যত অৱহেলা আৰু অসৎ আচৰণ কৰা বুথ স্তৰৰ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

আয়োগে মুখ্য কার্যবাহী বিষয়াসকললৈ লিখা এখন পত্রত উল্লেখ কৰিছে যে কৰ্তব্যত অৱহেলা বা গাফিলতি, দুর্ব্যৱহাৰ বা অসৎ আচৰণ, ইচ্ছাকৃতভাৱে নির্দেশনা পালন নকৰা বা জনপ্রতিনিধিত্ব আইন, ১৯৫০ আৰু নিৰ্বাচক পঞ্জীয়ন নিয়ম ১৯৬০ উলংঘা কৰা গোচৰত নিলম্বনকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। চৰকাৰী কৰ্তব্য পালন কৰাৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াই নিৰ্বাচনী তালিকাৰ তথ্য, অখণ্ডতা বা বিশ্বাসযোগ্যতাত বিৰূপ প্রভাৱ পেলোৱা কাণ্ড কৰিলে কৰ্তব্যৰ পৰা অব্যাহতি দিয়াৰ লগতে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰা হৈছে। আয়োগে লগতে স্পষ্ট কৰিছে যে অপৰাধমূলক আচৰণ কৰাসকলৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন কৰা হ’ব পাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।