December 23, 2025 11:49 AM | Election Commission

printer

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ ১,৮৩০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন

নির্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ এহেজাৰ ৮৩০ টা ভোটগ্রহণ কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ৩১ হাজাৰ ৪৮৬ লৈ বৃদ্ধি পাব। ৰাজ্যিক নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৰ্বে ৰাজ্যখনত ২৯ হাজাৰ ৬৫৬ টা ভোটগ্রহণ কেন্দ্র আছিল। নির্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোটগ্রহণ কেন্দ্ৰত এহেজাৰ ২০০ তকৈ অধিক ভোটদাতাই ভোটদান কৰিব নোৱাৰিব। এই নিৰ্দেশনামৰ্মে ৰাজ্যৰ নিৰ্বাচন বিভাগে ভোটগ্রহণ কেন্দ্ৰসমূহত নির্দিষ্ট সংখ্যক ভোটদাতাক ভোটদানৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সকলো দিশ চালি-জাৰি চাই নিৰ্বাচন আয়োগে ৰাজ্যখনত অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুমোদন জনায়। ইপিনে, ৰাজ্যত সম্প্ৰতি ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনী অব্যাহত আছে। ২০২৬ চনৰ এক জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ চলি থকা এই প্ৰক্ৰিয়াৰ অধীনত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰিছে। অহা ২৭ ডিচেম্বৰত খচৰা ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ’ব। এই তালিকাক লৈ জনসাধাৰণে অহা বছৰৰ ২২ জানুৱাৰীৰ ভিতৰত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ পাছত ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্রকাশ পাব। এই তালিকা নতুনকৈ সংযোজিত ভোটগ্রহণ কেন্দ্ৰসমূহক লৈ প্ৰকাশ কৰা হ’ব। ইয়াৰ ফলত পূৰ্বে অন্য ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰা একাংশ ভোটদাতাই সমীপৰ আন ভোটগ্রহণ কেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব লাগিব ।