November 18, 2025 8:47 PM | EC

printer

ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নির্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কৰা হব। এই অনুসৰি আজিৰ পৰা এই সম্পর্কীয় নথি পত্র ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নবেম্বৰৰ পৰা বি এল অসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি-পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হব। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হব। এই সম্পর্কত থকা দাবী আৰু ওজৰ আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হব। অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হব। নির্বাচন আয়োগে জাৰী কৰা জাননী অনুযায়ী সংবিধানৰ ৩২৬ ধাৰাৰ অধীনত আৰু ১৯৫০ চনৰ জনপ্রতিনিধিত্ব আইনৰ ১৬ আৰু ১৯ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হবলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হব।

নির্বাচন আয়োগৰ এই সিদ্ধান্তক অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কয় যে, ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নত ভোটাৰ তালিকা লাভ কৰিব। নির্বাচন আয়োগক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে অসমৰ বাবে নাগৰিকত্ব আইনৰ বিশেষ ধাৰা থকাৰ কাৰণে ইয়াৰ পূৰ্বে নির্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশনা দিয়া নাছিল। যোৱা মাহত নির্বাচন আয়োগে চত্তিশগড়, গোৱা, কেৰেলা, গুজৰাট, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশনা জাৰি কৰিছিল।