ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 12:27 PM | Election Commission

printer

দেশৰ সকলো মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ সৈতে নির্বাচন আয়োগৰ কৰ্মশালা

নির্বাচন আয়োগে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কর্মশালাত দেশত সংবিধান অনুযায়ী নির্বাচন অনুষ্ঠিত কৰা আৰু আইনী, তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ’ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেছ কুমাৰে নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত এই কর্মশালা উদ্বোধন কৰিব।

নির্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে, যে নির্বাচনী প্ৰক্ৰিয়াক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব পৰা উদ্দেশ্যে প্রণোদিত ভুৱা তথ্যৰ বৰ্ধিত প্ৰচাৰলৈ চাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।