ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এবছুৰ স্মাৰক পত্ৰ দাখিল

নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা- এবছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক দুখন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নির্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত বিটিচিৰ ভোটাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশৰ বাবে দাবী জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা আনখন স্মাৰক পত্ৰত এবছুৱে ন্যায়ালয়ৰ অধীনৰ নিযুক্তি পৰীক্ষাসমূহত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে সংগঠনটোৱে কালি বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্রকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্ৰ সন্থা-এবছুৱে দাবী উত্থাপন কৰিছিল। অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ অনুসৰি এই ব্যৱস্থা ল’বলৈ সংগঠনটোৱে দাবী জনায়। এখন সংবাদমেলত এবছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান জনোৱাৰ বিটিআৰৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতিপ্রধান অঞ্চলসমূহৰ চৰকাৰী কাম-কাজত বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।