ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৩৪৫টা পঞ্জীয়নভুক্ত স্বীকৃতি বিহীন ৰাজনৈতিক দলৰ মর্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা ৩ শতাধিক ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰাৰ কাম আৰম্ভ কৰিছে। আয়োগে প্ৰথম পৰ্যায়ত ৩৪৫টা ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰিব আৰু পৰৱৰ্তী সময়তো এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে। আয়োগে কালি এই সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে। বিগত ৬টা বছৰত যিবোৰ ৰাজনৈতিক দলে কোনো নির্বাচনতেই প্রতিদ্বন্দ্বিতা কৰা নাই, নাইবা দুই-এটা দলে প্রার্থী প্ৰক্ষেপ কৰিলেও সফলতা অৰ্জন কৰিব পৰা নাই, তেনে দলবোৰৰ স্বীকৃতি প্রথম পৰ্যায়ত বাতিল কৰিব। দেশৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পঞ্জীয়নভুক্ত এনে ধৰণৰ শতাধিক ৰাজনৈতিক দলৰ তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে কয়, যে কেৱল পঞ্জীয়ন কৰিলেই এটা ৰাজনৈতিক দলৰ দায়িত্ব আৰু কৰ্তব্য সম্পূৰ্ণ নহয়। জনপ্রতিনিধিত্ব আইন ১৯৫১ৰ ২৯(ক) ধাৰা অনুসৰি পঞ্জীয়নভুক্ত প্ৰতিটো ৰাজনৈতিক দলে প্ৰতি বছৰে নিজৰ কাৰ্য-কুশলতাৰ তথ্য আয়োগৰ ওচৰত দাখিল কৰিব লাগে যদিও বহুকেই এই বাধ্যতামূলক বিষয়টো এৰাই চলে। উল্লেখযোগ্য যে, ২০২২ চনতো নির্বাচন আয়োগে একাংশ নিষ্ক্রিয় তথা অকমণ্য ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ২৮৪টা দলৰ স্বীকৃতি বাতিল কৰিছিল। দেশত বর্তমানো প্ৰায় ৩ হাজাৰ সৰু বৰ পঞ্জীয়ন ভুক্ত ৰাজনৈতিক দল আছে বুলি আয়োগে সদৰী কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।