ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। শ্ৰী শৰ্মাই ৬৫ বছৰ বয়সলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কালি এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ৰঞ্জন শৰ্মা অৱসৰৰ পাছত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰূপান্তৰ তথা উন্নয়ন বিভাগৰ বিশেষ আয়ুক্ত সচিব হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে আজি বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকালৰ অন্ত পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।