ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ নিৰ্বাচনী সভা

♦ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে কালি দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি নমো এপৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মীসকলৰ এটা ডিজিটেল ৰেলীক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মুজ্জাফৰ নগৰত বিজেপি প্রার্থী সঞ্জীৱ বালিয়ানৰ সমৰ্থনত এখন নির্বাচনী সভাত ভাগ লয়। আনহাতে কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেই কালি উত্তৰ-পূব দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰে ঘৰে নিশ্চয়তা অভিযান আৰম্ভ কৰে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জামুইৰ পৰা বিহাৰত এন ডি মিত্ৰ জোঁটৰ নির্বাচনী প্ৰচাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। শ্রীমোদীয়ে জামুই জিলাৰ খাইৰা উন্নয়ন খণ্ডৰ বল্ল’পুৰত এখন নির্বাচনী সভাত ভাগ ল’ব।