ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অৰুণাচল প্ৰদেশৰ ৪টা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ সম্পন্ন

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। পুৱা ৬ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ২ বজাত সামৰণি পৰে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰ-পত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও নির্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্রহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ দুটা আৰু নাছ’ বিধানসভা সমষ্টিৰ চাৰিটা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল।