বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে। অহা ছেপ্তেম্বৰত হ‘বলগীয়া এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতাপাৰ্টীয়ে কেবিনেট মন্ত্রী কৌশিক ৰায়ক চিৰাং জিলাৰ দায়িত্ব ন্যাস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱা দুদিনত জিলাখনৰ সাতটা পৰিষদীয় সমষ্টিত উপস্থিত হৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত তেওঁ দলীয় কৰ্মকৰ্তাৰ সৈতেও বিভিন্ন আলোচনাত মিলিত হয়। ইপিনে বাক্সা জিলাৰ বৰবৰীত কালি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ইউ পি পি এলৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বিটিচি পৰিষদীয় সমষ্টিত ৪০ খন আসনত প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰিছে। সভাত ভাষণ দি প্রমোদ বড়োৱে ইউ পি পি এলৰ শাসন কালত বি টি চিত শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰী পুনৰ শাসনলৈ আহিলে বি টি চি পুনৰ অশান্ত হৈ পৰিব বুলি কয়।
Site Admin | May 26, 2025 12:29 PM | BTC election
বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ নির্বাচনী তৎপৰতা
