ডাউনলোড
মোবাইল এপ

android apple
signal

কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সামৰণি

কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া যোৱা নিশা সামৰণি পৰে। ভোটগণনাৰ দ্বিতীয় দিনা বিভিন্ন জিলাত বিজেপি আৰু মিত্ৰদলসমূহে শক্তিশালী অগ্রগতি লাভ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

নগাঁও জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া যোৱা নিশা সামৰণি পৰে। প্রাপ্ত ফলাফল অনুসৰি ২৭ খন আসনযুক্ত নগাঁও জিলা পৰিষদত ১১ খন আসন বিজেপিয়ে লাভ কৰে আৰু তিনিখন আসন অসম গণ পৰিষদ দলে লাভ কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছ দলে ১৩ খন আসনত বিজয় সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। শ্রীভূমি জিলাৰ ১৬খন জিলা পৰিষদৰ আসনৰ ভিতৰত ১১ খন আসন বিজেপিয়ে লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰে ৫ খন আসনত কংগ্ৰেছে জয়লাভ কৰে ।

বৰপেটা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কালি নিশা সম্পন্ন হয়। জিলাখনৰ ১৯ খন জিলা পৰিষদৰ ৯ খন আসনত কংগ্ৰেছে বিজয় সাব্যস্ত কৰে। বিজেপিয়ে ৫ খন আৰু অসম গণ পৰিষদে ২ খন আসন দখল কৰিবলৈ সামৰ্থ হয়। এ আই ইউ ডি এফে ২ খন আসনত জয়লাভ কৰাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰে। জিলাখনৰ ১০২ খন আঞ্চলিক পঞ্চায়তৰ ৪৫ খন কংগ্ৰেছ, এ আই ইউ ডি এফে ২৩ খন আৰু মিত্রজোঁটে ২১ খন আসনত জয়লাভ কৰে। ইয়াৰে ৰাইজৰ দলে ২ খন আৰু আম আদমী পার্টীয়ে এখন আসনত জয়লাভ কৰাৰ লগতে নির্দলীয় প্রার্থীয়ে ১০ খন আসন দখল কৰে।
নলবাৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বঙাইগাঁও জিলাৰ মুঠ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰে। যোৰহাট বিধানসভা সমষ্টিত ১৬ খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি মিত্রজোঁটে জয়লাভ কৰে। সমষ্টিটোৰ ৮৬ খন আঞ্চলিক পঞ্চায়তৰ ৮৩ খনত বিজেপি প্রার্থী বিজয়ী হৈছে।

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিয়ে জয়লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক