ৰাজ্যত অহা ২ আৰু ৭ মেত হ‘বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ সমূহ আজি পৰীক্ষা কৰা হ‘ব। মনোনয়ন দাখিলৰ অন্তিম দিনটোত কালি প্রার্থীসকলে সমৰ্থকসহ শোভাযাত্ৰা কৰি মনোনয়ন দাখিল কৰে। মুঠ ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ৩২৩ খনত আৰু অগপই ৭৪ খন আসনত প্ৰতিন্দ্বন্দ্বিতা কৰিছে ।
মাজুলী জিলাৰ দুটা আঞ্চলিক পঞ্চায়তৰ ২০ টা সমষ্টিৰ বাবে কালি ৫২ খন মনোনয়ন পত্র দাখিল শিৱসাগৰ জিলাত বিজেপিয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ চাৰিখন জিলা পৰিষদ, ২৭ টা পঞ্চায়ত আৰু ২৭০ টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ‘ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্র দাখিল কৰে। কাছাৰ জিলাতো বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতাপাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্র দাখিল কৰে। হোজাই জিলাতো কালি লামডিং সমষ্টিৰ অন্তৰ্গত ১৮খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে লামডিং সম- জিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাত ১৩৯টা আঞ্চলিক পঞ্চায়ত আৰু এহেজাৰ ৫৮৯ আঞ্চলিক পৰিষদৰ সদস্যৰ বাবে মনোনয়ন পত্র খণ্ড উন্নয়ন কার্যালয় আৰু চক্ৰ বিষয়া কাৰ্যালয়ত দাখিল কৰে। জিলাখনত বিজেপি, অগপ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে আসন বুজাবুজিৰে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলে জিলা পৰিষদত নিজৰ প্ৰাৰ্থী মনোনীত কৰিছে যদিও ভালেসংখ্যক পদত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ পৰা বিৰত আছে।
শ্রীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ আসনৰ বাবে বিজেপিৰ মনোনীত প্রার্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰো ৪ গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ৰাজ্যৰ অন্যান্য অংশৰ লগতে তিনিচুকীয়া জিলাখনৰ ৭ খন আঞ্চলিক পঞ্চায়ত, ২২ খন জিলা পৰিষদ, ৮৬ খন গাওঁ পঞ্চায়ত আৰু ৮৬০ টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হয়।
মৰিগাওঁত জিলা পৰিষদৰ সমষ্টিসমূহৰ বাবে মুঠতে ৩৬ খন মনোনয়ন পত্র গ্রহণ কৰা হয়। ইয়াৰে মৰিগাঁও বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ বাবে ৯ খন, জাগীৰোড বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ বাবে ৮ খন আৰু লাহৰিঘাট বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ বাবে ১৭ খন মনোনয়ন পত্র দাখিল কৰা হয়। বজালী জিলাতো কালি অন্তিম দিনা অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীসকলে বজালী খণ্ড উন্নয়ন বিষয়া আৰু বজালী জিলা পৰিষদৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। জিলাখনৰ ৫ খন জিলা পৰিষদ আৰু ২৭ খন আঞ্চলিক পঞ্চায়তৰ বাবে বিজেপি-অগপ মিত্রজোটৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে।
দক্ষিণ শালমাৰা মানকাচৰত চাৰিখন জিলা পৰিষদ, ৩৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৫০ খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্র দাখিল কৰে। বঙাইগাঁৱৰ ঢালিগাঁও জিলা পৰিষদৰ, ৰাভা-হাচঙৰ দাৰকাত, বৰপেটাৰ হাউলীত আৰু হোজাইৰ কাকী জিলা পৰিষদতো বিজেপিৰ প্ৰাৰ্থীৰ জয় প্রায় নিশ্চিত হৈছে।
ইপিনে, নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্রস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।