ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজাৰ পাছত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব নোৱাৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত আজি ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা প্ৰচাৰ কৰিব নোৱাৰিব প্রাক নির্বাচনী সমীক্ষা, নির্বাচনী সমীক্ষা, জ্যোতিষীৰ ভৱিষদ্বাণী প্ৰচাৰ কৰিব নোৱাৰিব। জনপ্রতিনিধি আইন ১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ৰে ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব। আজি সন্ধিয়া ৫ বজাৰ পাছৰ পৰা কোনো লোকে নির্বাচনী প্ৰচাৰ সভা, শোভাযাত্ৰা আদি কৰিব নোৱাৰিব। কোনো জনসমাগমত ৰাজনৈতিক দল, প্রার্থী সমর্থকে নির্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। টিভি, চিনেমাৰ্ট গ্রাফী বা অন্য তেনে কোনো নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্য অনুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠিত কৰি নির্বাচনীয় সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। এই সময়ছোৱাত ছপা, বৈদ্যুতিন তথা সামাজিক মাধ্যমত কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰিব। ভোটদানৰ ক্ষেত্ৰত ভোটাৰ সকলৰ স্ব-সিদ্ধান্তেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যিক মুখ্য নির্বাচনী কার্যালয়ৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।