ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 8:06 PM | Ekta divas

printer

নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক একত্রিত হৈ দেশৰ প্ৰগতিৰ বাবে নিজকে উৎসৰ্গা কৰি বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে আহ্বান জনায়। চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে অনুষ্ঠিত বিশাল সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ পৰাই নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ হৈ আছে। ২০১৪ চনৰ আগতে সমগ্র দেশৰ প্ৰায় এশখন জিলা মাওবাদী কার্যকলাপৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও আজি সেই সংখ্যা মাত্র এঘাৰখনলৈ হ্রাস পাইছে। তেওঁ কয় যে স্বাধীনতাৰ পাছত চৰ্দাৰ পেটেলে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীক মূৰ্ত কৰি ৫৫০খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰি অসম্ভৱ যেন লগা কামটো সম্ভৱ কৰি তুলিছিল।

ভাৰতৰ চহকী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য সন্দর্ভত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে দ্বাদশ জ্যোতির্লিংগ, শক্তিপীঠ, আৰু চাৰ ধামসমূহে জাতিৰ জীৱনী শক্তিক মূর্ত কৰি তুলিছে তথা দেশৰ জনসাধাৰণক বিশ্বাসেৰে বান্ধি ৰাখিছে। তেওঁ দেশৰ ভাষিক বিচিত্রতাক প্রশংসা কৰি কয়, যে এই বিচিত্রতাই হৈছে দেশৰ অন্যতম শ্রেষ্ঠ শক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে পক্ষপাতিত্বহীন উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত চৰকাৰৰ সফলতা সন্দর্ভত আলোকপাত কৰি বিগত দশকত প্রায় ২৫ কোটি লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰ সক্ষম হৈছে বুলি উল্লেখ কৰে। শ্রীমোডীয়ে প্ৰতিজন নাগৰিকক একতাক ৰাষ্ট্ৰীয় শক্তিৰ মন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীক স্মৰণ কৰি এখন শক্তিশালী, উন্নত আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ দিশে একেলগে কাম কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।