ডাউনলোড
মোবাইল এপ

android apple
signal

June 7, 2025 6:24 PM | Eid

printer

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পবিত্ৰ ঈদ-উজ্-জোহা পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ-উদ্দীপনাৰে পবিত্ৰ ঈদ-উজ্-জোহা পালন কৰে। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদ নামাজত অংশগ্ৰহণ কৰে৷

চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালে বাৰী, আলুখুন্দা, বাগৰগাওঁ আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগনত ভালেসংখ্যক লোকে ঈদ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বি লোকসকলে ঈদ-উজ্‌-জোহা উলহ মালহেৰে পালন কৰে। বৰপেটা সদৰৰ লগতে জিলাখনৰ হাউলী, কুকাৰপাৰ, কয়াকুছি, মন্দিয়া, কলগাছিয়া, পালোহাজি আদি অঞ্চলত অনুষ্ঠিত নামাজত কেইবাহাজাৰো লোকে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ মছজিদ প্ৰাংগনত আজি আলাহাজ মৌলানা গিয়াছুদ্দিনৰ সভাপতিত্বত ঈদৰ নামাজ অনুষ্ঠিত হয়। ইয়াৰ পাছতে মছজিদ সমিতিৰ তৰফৰ পৰা পথচাৰি আৰু সুৰক্ষা কৰ্মীৰ মাজত মিঠাই বিতৰণ কৰা হয়। ধুবুৰী কেন্দ্ৰীয় ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমুহীয়া নামাজত প্ৰায় দুহেজাৰ লোকে অংশগ্ৰহণ কৰে। তামুলপুৰ জিলাতো এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰমী ৰূপত ঈদ-উজ্জ্‌-জোহা উদযাপন কৰি সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। তেজপুৰৰ ঐতিহাসিক ঈদগাহ ময়দানত ঈদৰ সমুহীয়া নামাজ অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক