ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহ বাগিচা অঞ্চলৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰিৱৰ্তে চাৰে ৮ বজাত আৰম্ভ হ’ব। একেদৰে ছুটীৰ সময় ১২ বাজি ১৫ মিনিটৰ পৰিৱৰ্তে ১ বাজি ১৫ মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান চাৰে ৭ বজাৰ পৰিৱৰ্তে চাৰে আঠ বজাত আৰম্ভ হ’ব আৰু ছুটীৰ সময় পূৰ্বৰ এক বজাৰ সলনি দুই বজাত হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকে সকলো জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি শীঘ্ৰে এই সময়সূচী কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।