ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্রতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ২০২৬ চনৰ ৩১ মার্চৰ ভিতৰত একাংশ শিক্ষক-শিক্ষয়িত্রীৰ অৱসৰ গ্রহণৰ পাছত খালী হ’বলগীয়া পদসমূহৰ সবিশেষ তথ্যও দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে। অহা ২০ ডিচেম্বৰৰ ভিতৰত এই প্রক্রিয়া সম্পন্ন কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে নির্দেশ দিছে।
ইপিনে, চলিত মাহৰ ভিতৰতে ৰাজ্যৰ প্ৰতিখন জিলাত নৱনিযুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ যোগদান প্রক্রিয়া সম্পন্ন হ’ব। ইয়াৰ বাবে কাইলৈৰ পৰা পর্যায়ক্রমে জিলাভিত্তিক নির্দিষ্ট শিক্ষানুষ্ঠানৰ বিপৰীতে নিযুক্তিপ্রাপ্ত শিক্ষক-শিক্ষয়িত্রীৰ তালিকা প্রকাশ কৰা হ’ব। বিদ্যালয় শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা ১৩ নবেম্বৰত ৰাজ্য চৰকাৰে নিযুক্তি পত্র প্রদান কৰা এই শিক্ষক-শিক্ষয়িত্রীসকলে নির্দিষ্ট পদৰ বিপৰীতে যোগদানৰ সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ইতিপূর্বে জাৰি কৰা নির্দেশনা অনুসৰি নিযুক্তিপ্রাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ বিপৰীতে নির্দিষ্ট শিক্ষানুষ্ঠানৰ নাম প্রতিখন জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে চূড়ান্ত কৰিছে। কাইলৈ মাজুলী জিলাত নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ নামৰ বিপৰীতে শিক্ষানুষ্ঠানৰ নাম প্রকাশ কৰা হ’ব। একেদবে ১৬ ডিচেম্বৰত গোৱালপাৰা জিলাৰ বাবে অনুৰূপ তালিকা প্রকাশ পাব।