October 7, 2025 8:17 PM | Edu ministry

printer

ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি

শিক্ষা মন্ত্র্যালয়ে বিকশিত ভাৰত বিল্ডাখন-২০২৫ কাৰ্য্যসূচীৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ অহা ১১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। দেশজুৰি প্ৰায় আঢ়ৈ লাখ বিদ্যালয়ৰ শিক্ষার্থীসকলক উদ্ভাৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে নীতি আয়োগৰ অটল উদ্ভাবনী অভিযানৰ সহযোগিতাত এই পদক্ষেপ মুকলি কৰা হৈছে। এই কাৰ্য্যসূচী হৈছে উদ্ভাবনী খণ্ডত শিক্ষার্থীসকলৰ বাবে আয়োজিত সর্ববৃহৎ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাট সুগম হৈছে। মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, এই কাৰ্য্যসূচীত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষার্থীসকলে অংশগ্ৰহণ কৰিব। এই কাৰ্য্যসূচীৰ জৰিয়তে তেওঁলোকে দলীয় অংশগ্রহণ, সৃষ্টিশীল চিন্তা-ধাৰা, ধাৰণাৰ বিকাশকে ধৰি বহু ইতিবাচক দিশত অগ্রগতি লাভ কৰিব বুলি আশা কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রকাশ কৰে যে, ভোকেল ফৰ লোকেল, আত্ম-নিৰ্ভৰ ভাৰত, স্বদেশী আৰু সমৃদ্ধ ভাৰতৰ দৰে বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। অংশগ্ৰহণকাৰী দলসমূহৰ ভিতৰত শীর্ষ স্থান প্রাপকসকললৈ মুঠ ১ কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱা হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।