বিধিবলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে শেহতীয়া দিল্লী বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খোৱা আল ফালাহ গোষ্ঠীৰ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা ২৫ৰো অধিক স্থানত আজি অভিযান চলায়। বিত্তীয় অনিয়ম, বেনামী কোম্পানী ব্যৱহাৰ আৰু ধন সৰবৰাহ সন্দৰ্ভত চলি থকা গোচৰৰ অংশ হিচাপে ই ডিয়ে এই অভিযান চলায়। ই ডিয়ে প্রকাশ কৰা অনুসৰী আল ফালাহ গোষ্ঠীৰ সৈতে জড়িত ৯টা অবৈধ কোম্পানীৰ বিৰুদ্ধে তদন্ত কৰি থকা হৈছে। এই আটাই কেইটা কোম্পানী একেটা ঠিকনাতে পঞ্জীয়ন হোৱা বুলি তদন্ত সংস্থাটোরে প্রকাশ কৰে। ইয়াৰ লগতে আল ফালাহ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু নাকৰ স্বীকৃতি সন্দৰ্ভত উঠা অভিযোগৰো তদন্ত চলি আছে।
দিল্লীৰ লালকিল্লাৰ সমীপত ১০ নৱেম্বৰত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত কেইবাগৰাকীও চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই বিশ্ববিদ্যালয়খন তদন্তৰ আওতালৈ আহে।