লোকসভা নিৰ্বাচনৰ প্ৰথম ৪টা পৰ্যায়ত ৪৫ কোটি ১০ লাখৰো অধিক লোকৰ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম ৪টা পৰ্যায়ত ৪৫ কোটি ১০ লাখৰো অধিক লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। নির্বাচন আযোগে আজি এটা বিবৃতিযোগে প্রথম ৪টা পৰ্যায়ত সামগ্রিক ভোটদান ৬৬.৯৫ শতাংশ হোৱা বুলি উল্লেখ কৰে। ভোটদানৰ উচ্চ হাৰ ভাৰতীয় ভোটদাতাসকলৰ হৈ বিশ্বৰ বাবে বার্তাস্বৰূপ বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে লগতে পৰৱৰ্তী তিনিটা পৰ্যায়ত বিপুল হাৰত ভোটদান কৰিবলৈ ভোটদাতাসকলৰ প্রতি আহ্বান জনায়। আয়োগে কয় যে, বাকী তিনিটা পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ই ভোটাৰসকলক উৎসাহিত কৰাৰ বাবে আৰু ভোটদান সূচল কৰি তোলাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আয়োগে এই প্ৰয়াসৰ সৈতে জনপ্ৰিয় শিল্পীৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাকো জড়িত কৰিছে।