October 4, 2025 12:11 PM | EC

printer

কেন্দ্রীয় পর্যবেক্ষকসকলক বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ জ্ঞানেশ কুমাৰ

মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কেন্দ্রীয় পর্যবেক্ষকসকলক ৰাজনৈতিক দল, প্রার্থী আৰু ভোটাৰসকলৰ বিভিন্ন অভিযোগৰ সমাধানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ থাকিবলৈ নির্দেশ দিছে। সমাগত বিহাৰৰ বিধানসভাৰ নির্বাচন আৰু কিছুমান ৰাজ্যত হ’বলগীয়া উপ নির্বাচনৰ বাবে নিয়োজিত কেন্দ্রীয় পর্যবেক্ষকসকলক কয়, যে নির্বাচনী পর্যবেক্ষকসকল হ’ল গণতন্ত্ৰৰ মুখ্য স্তম্ভ। তেওঁ পর্যবেক্ষকসকলক ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈও নিৰ্দেশ দিয়ে আৰু বিহাৰৰ বাবে আয়োগে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহ কাৰ্যকৰী কৰাটো নিশ্চিত কৰা। কেন্দ্রীয় পর্যবেক্ষকসকলক সকলো নির্বাচনী, আইন, নিয়ম আৰু নিৰ্দেশনাৰ সৈতে পৰিচিত হ’বলৈ কোৱা হৈছিল যাতে সেইবোৰ কঠোৰ আৰু নিৰপেক্ষভাৱে পালন কৰিব পৰা যায়। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত ২৮৭ জন ভাৰতীয় প্রশাসনিক সেৱা বিষয়া আৰু অন্যান্য খণ্ডৰ ৮০ গৰাকী বিষয়া উপস্থিত থাকে। কেন্দ্রীয় নির্বাচনী আয়োগে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাত আয়োগক সহায় কৰিবলৈ কেন্দ্রীয় পর্যবেক্ষক নিযুক্তি দিয়ে। এই নির্বাচনী পর্যবেক্ষকসকলে ক্ষেত্রভিত্তিক নির্বাচনী প্রক্রিয়াৰ ফলপ্ৰসু পৰিচালনাৰ তদাৰক কৰে।