November 18, 2025 8:43 PM | Election Commission

printer

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায়ত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৭ লাখৰো অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি লবলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৮ দশমিক ৫-৪ শতাংশ। দেশৰ ৯ খন ৰাজ্য আৰু ৩ টা কেন্দ্রীয় শাসিত অঞ্চলত যোৱা ৪ নৱেম্বৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। আয়োগে প্রকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ ১৫ কোটিৰো অধিক আৰু পশ্চিমবংগত ৭ কোটিৰো অধিক প্ৰপত্র বিতৰণ কৰা হৈছে।

ভোটাৰ তালিকাৰ ব্যাপক সংশোধন প্রক্রিয়া অহা বছৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।