নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন্দ্রই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ শুল্কবিহীন নম্বৰ ১৮০০-১১-১৯৫০ৰ জৰিয়তে ওজৰ-আপত্তি নিষ্পত্তিৰ ব্যৱস্থা কৰিব। নির্বাচন আয়োগে প্ৰতিখন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাক নিজৰ নিজৰ ৰাজ্য আৰু জিলা যোগাযোগ কেন্দ্র স্থাপন কৰিবলৈ নির্দেশ দিছে। আয়োগে বি এল অৰ সৈতে বুক এ কল সুবিধাও আৰম্ভ কৰিছে। নাগৰিকসকলে এই সুবিধাৰ জৰিয়তে সংশ্লিষ্ট বুথ লেভেল বিষয়াৰ সৈতে সম্পৰ্ক কৰিব পাৰিব। এই সুবিধা নির্বাচন সম্পর্কীয় ওজৰ-আপত্তি নিষ্পত্তিৰ বৰ্তমানৰ ব্যৱস্থাৰ ওপৰঞ্চি হ’ব। জনসাধাৰণে COMPLAINTS@ECI.GOV.INলৈ ইমেইলযোগে অভিযোগ প্ৰেৰণ কৰিব পাৰিব।
Site Admin | October 30, 2025 12:49 PM | EC
ৰাষ্ট্ৰীয় ভোটদাতা আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ