ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নির্বাচনী বিষয়াসকলক নির্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত কালি মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীয়ে অংশ লয়। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দর্ভত আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে বিৱৰণী দিয়াৰ পাছত মুখ্য নির্বাচনী বিষয়াসকলে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিয়া হয়। সমগ্র দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াসকলে এই সন্মিলনত ভাগ লয়। আয়োগে লগতে নির্বাচন অনুষ্ঠিত হ‘বলগীয়া অসম, তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হয়।
Site Admin | October 24, 2025 12:41 PM | Election Commission
মুখ্য নির্বাচনী বিষয়াসকলক ভোটাৰ তালিকাৰ প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
 
		