নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ লগতে ইয়াৰ সংশোধনৰ বাবে বিগত ছমাহত ভালেমান পদক্ষেপ লৈছে। আয়োগে জনাইছে যে, এই পদক্ষেপসমূহে বিভিন্ন ৰাজনৈতিক দল আৰু নির্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহক সামৰি লোৱাৰ লগতে নির্বাচনী প্রক্রিয়াক শক্তিশালী ৰূপত আগবঢ়াই নিয়া তথা শিক্ষণ ব্যৱস্থাৰ জৰিয়তে প্রযুক্তি বিদ্যাৰ ব্যৱহাৰেৰে ভোটদানৰ প্ৰক্ৰিয়াক সহজ কৰি তোলাৰ চেষ্টা কৰিছে। অ-স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলক বিচাৰি উলিয়াই নিৰ্বাচনত দলসমূহৰ অংশগ্রহণ বন্ধ কৰা, ভোটদান কেন্দ্ৰসমূহত ১০০ শতাংশ ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা, বিহাৰত বিশেষ ব্যৱস্থাৰে নির্বাচনী প্ৰক্ৰিয়াৰ পুনৰীক্ষণ ইত্যাদিকে ধৰি ২৮ টা এনে পদক্ষেপ গ্ৰহণ কৰা বুলি আয়োগে জানিবলৈ দিছে।
Site Admin | August 19, 2025 8:33 PM | Election Commission
নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ বাবে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্ৰহণ
