ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 7, 2025 1:43 PM | earthquake

printer

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৭ দশমিক ১ বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লবুছেৰ পৰা ৯৩ কিলোমিটাৰ নিলগলৈ এই ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভাৰতৰ অন্যান্য স্থানৰ লগতে অসমতো আজি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে এতিয়ালৈ এই ভূমিকম্পৰ ক্ষয়-ক্ষতি সম্পর্কে কোনো তথ্য পোৱা হোৱা নাই। উল্লেখযোগ্য যে, ২০১৫ চনৰ এপ্ৰিলত নেপালত হোৱা ৭ দশমিক ৮ প্রাবল্যৰ প্ৰচণ্ড ভূমিকম্পত প্রায় ৯ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ২০ হাজাৰকৈও অধিক লোক আহত হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।