ডাউনলোড
মোবাইল এপ

android apple
signal

মৰিছাছত ভাৰতৰ জন ঔষধি কেন্দ্ৰ মুকলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি মৰিছাছত বিদেশত ভাৰতৰ প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰে। জন ঔষধি মুকলি কেন্দ্ৰ অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ য’গনাথে অংশগ্রহণ কৰে ৷ সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ প্ৰথম ভাগত দিয়া প্রতিশ্রুতি অনুসৰি এই জন ঔষধি কেন্দ্ৰটো মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে উভয় দেশৰ চিকিৎসা সহযোগিতা প্ৰকল্পৰ অধীনত মৰিছাছৰ জনসাধাৰণক ভাৰতত প্ৰস্তুত কৰা সুলভ মূল্যৰ ঔষধ যোগান ধৰা হ’ব। এই ঔষধসমূহে দেশখনৰ জনস্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰিব আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰিব। ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰীগৰাকীয়ে কালি দেশখনৰ গ্ৰেণ্ড বইছত ভাৰতীয় অনুদানেৰে নিৰ্মিত এটা চিকিৎসা কেন্দ্র উদ্বোধন কৰে। ড০ জয়শংকৰে এই কেন্দ্ৰটোক উভয় দেশৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ নতুন অভিব্যক্তি বুলি অভিহিত কৰে। উদ্বোধনী অনুষ্ঠানত ভাগ লৈ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যমে গ্রেণ্ড বইছত বসবাস কৰা প্ৰায় ১৬ হাজাৰ লোকৰ বাবে স্বাস্থ্য যতনৰ দ্বিতীয় পর্যায় হিচাপে কাম কৰিব। অনুষ্ঠানত ড০ জয়শংকৰে কয় যে স্বাস্থ্য সকলোৰে বাবে অগ্ৰাধিকাৰৰ বিষয় আৰু সম্প্ৰতি সকলো স্বাস্থ্য সচেতন হৈ উঠিছে।

অধিক পঢ়ক

সকলো চাওক