ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৰোমানিয়াৰ ৰাষ্ট্ৰদূত ডেনিয়েলা-মাৰিয়ানা চেজ’নভৰ সৈতে কালি নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি কৰে । কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও অনুষ্ঠানত উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই ডাক টিকটসমূহে ভাৰত আৰু ৰোমানিয়াৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰিছে।