ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানত আজি পুৱাৰ পৰাও দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত কালি নিশা ১০ বজাৰ পাছত প্ৰতিমা বিসর্জন কাৰ্যসূচী বন্ধ ৰখা হয়। আজি পুৱাৰে পৰা ঘাটটোত পুনৰ প্ৰতিমা বিসর্জন কার্যসূচী আৰম্ভ হৈছে ।
ইফালে, প্রতিকুল বতৰৰ মাজতে কালি গুৱাহাটী মহানগৰীৰ পাঁচটা ঘাটত প্ৰতিমা বিসর্জন দিয়া হয়। আৰক্ষী প্রশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে।
শিৱসাগৰ জিলাৰ থানামুখ অঞ্চলৰ দিখৌ নৈৰ ঘাটত কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দশভূজাৰ প্ৰতিমা বিসর্জন পর্ব অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্রশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে । জিলাখনৰ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাঘাট, চাবুৱা, টিংখাং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেঁচাকে ধৰি নদীসমূহত মৃণ্ময় মূর্তি বিসর্জন দিয়ে।
যোৰহাট জিলাৰ পূজাডুবি বিসর্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিমা বিসর্জন দিয়া হয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে ধেমাজিতো শান্তিপূর্ণভাৱে প্রতিমা বিসর্জন দিয়া হয়। তেলিজান নৈৰ ঘাট, জোনাইৰ তিনিমাইল, ঐৰামঘাট, লিকাবালি, সোৱণশিৰিৰ ঘাটত কেইবাখনো মণ্ডপৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়।
ডিমা হাচাওৰ হাফলঙতো যথা ৰীতি-নীতিৰে বিজয়া দশমী উদযাপন কৰা হয়। জিলাখনৰ প্ৰায় ২০ খন পূজা সমিতিয়ে শোভাযাত্ৰাৰ অন্তত দিয়ুং নৈত প্ৰতিমাসমূহ বিসর্জন দিয়ে।
কাছাৰ জিলাৰ শিলচৰৰ সদঘাট বিসর্জনস্থলীত বৰাক নৈত পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰতিমা বিসর্জন দিয়া হয়।
শ্রীভূমি জিলাৰ বদৰপুৰ বিসৰ্জন ঘাট, মালুৱা, শ্রীগৌৰ ঘাটসহ প্ৰধান প্ৰধান ঘাটসমূহত প্ৰতিমা বিসর্জন দিয়া হয়।
গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত প্ৰতিমাসমূহ বিসর্জন দিয়ে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অৰ্ধশতাধিক পূজা মণ্ডপত বিজয়া দশমী উদযাপন কৰা হয়।