শাৰদীয় দুর্গা পূজাৰ কাইলৈ ষষ্ঠী। বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কাইলৈ এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যখনত শাৰদীয় পূৰ্বৰ সেই উছাহ নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাছন্ন হৈ থকাৰ বাবে বজাৰতো ক্রেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাসপ্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথমদিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তাত দেৱীৰ আশীৰ্বাদত জনসাধাৰণৰ শক্তি, সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়।
ইপিনে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। চি চি টি ভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে পাঁচ শতাধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্রসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে।
অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৭ হাজাৰ ৮১৭ খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিফু আৱৰ্ত ভৱনত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে দুৰ্গা পূজা নিয়াৰিকৈ সম্পন্ন কৰা সন্দৰ্ভত আলোচনা কৰে। ৰাইজৰ যাতায়াতৰ সুচল হোৱাকৈ ঘাইপথ সমুহেৰে প্ৰৱেশ বন্ধ কৰা হ’ব বুলি আৰক্ষীয়ে বৈঠকত জানিবলৈ দিয়ে। জিলাখনত আজি দুৰ্গা পূজা সমিতিসমূহক চৰকাৰৰ আৰ্থিক অনুদানো বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি পূজা সমিতিসমূহক চৰকাৰে আগবঢ়োৱা ধনৰাশি চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাই বিতৰণ কৰে। যোৰহাট জিলাৰ টীয়ক সমজিলাৰ অন্তৰ্গত দুৰ্গা পূজা সমিতিসমূহক ৰাজ্য চৰকাৰে আগবঢ়োৱা অনুদানৰ চেকসমূহ আজি বিতৰণ কৰা হয়। শ্রীভূমি জিলাতো আজি চৰকাৰে দিয়া অনুদান পূজা সমিতিসমূহক প্ৰদান কৰা হয়।
হোজাই জিলাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতো জনসাধাৰণে শাৰদীয় পূজা পৰম্পৰাগতভাৱে পালন কৰিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মৃৎশিল্পীসকলে দেৱী প্ৰতিমাক অন্তিম পৰশ দি পূজাৰ বাবে সাজু কৰি তুলিছে। আজি সন্ধিয়াই প্ৰতিমাসমূহ বিভিন্ন স্থানলৈ লৈ যোৱা হ’ব বুলি শিল্পীসকলে প্ৰকাশ কৰিছে।