শাৰদীয় দুর্গা পূজালৈ মাজত মাথো এদিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত পূজাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। ৰাজ্যবাসীয়ে বেদীত দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা-অৰ্চনাৰ বাবে সাজু হৈছে যদিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্রিয়মান হৈ থকাৰ বাবে পূজাৰ উছাহ ম্লান পৰিছে। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাছন্ন হৈ থকাৰ বাবে বজাৰতো ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই।
শাৰদীয় নৱৰাত্ৰিৰ কালি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয়। আনহাতে আজি দেৱী দুর্গাক স্কন্দমাতা ৰূপত পূজা কৰা হ’ব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। দেওবাৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হ’ব। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা কৰা হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পূজা কৰা হয় ৷ অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৭ হাজাৰ ৮১৭ খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে ১০ হাজাৰ টকাকৈ আর্থিক অনুদান আগবঢ়াইছে।