ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 25, 2025 11:59 AM | Durga Puja

printer

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ দুদিন; ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী আছে যদিও অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত শাৰদীয় পৰিৱেশো নিস্তেজ হৈ পৰিছে। প্ৰতি শৰতৰ প্ৰভাতী পুৱাক গীতেৰে সম্ভাষণ জনোৱা শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি মানি আধ্যাত্মিকতাৰে এইবাৰ শৰতত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে। শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। আজি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হ’ব। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠা কৰা হ’ব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা কৰা হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পুজা কৰা হয় ৷

 

গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত মৃন্ময় মূৰ্তিবিহীন পূজাভাগৰ আয়োজন কৰা হৈছে। তাহানীৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই ঐতিহাসিক দেৱালয়ত দেৱী দুৰ্গাৰ আৰাধনা কৰি অহা হৈছে। জিলাখনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা বিষণ্ণ পৰিৱেশৰ মাজতো শাৰদীয় দুর্গা পূজা পৰম্পৰাগতভাৱে উদযাপনৰ প্রস্তুতি চলিছে। জিলাখনৰ ১৪৩টা স্থানত এই পূজা অনুষ্ঠিত হ’ব। এই উপলক্ষে প্রশাসনে বিভিন্ন নীতি-নির্দেশনা বান্ধি দিয়াৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। শোণিতপুৰ জিলাত শাৰদীয় দুর্গা পূজা সুকলমে আৰু শান্তিপূর্ণভাৱে উদযাপন কৰিবলৈ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা লৈছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিয়ন্ত্ৰণ কক্ষ আৰু আৰক্ষীৰ নম্বৰ মুকলি কৰিছে।

ইপিনে ৰাজ্য চৰকাৰে ৰাজ্যৰ ৭ হাজাৰ ৮১৭ খন দূর্গা পুজা সমিতিলৈ উৎসৱ উদযাপনৰ সহায় হোৱাকৈ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব। ইতিমধ্যে এই অনুদান বিতৰণৰ বাবে জিলা আয়ুক্তসকলক ধনৰাশি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কালি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৰাজ্যৰ মুখ্য সচিব ডাঃ ৰবী কোটাৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ধনৰাশি বিতৰণ সন্দৰ্ভত পৰামৰ্শ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।