শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকষ্মিক দেহাৱসানে এইবাৰ পুজাৰ পৰিবেশ ম্লান কৰিছে যদিও আধ্যাত্মিক ৰীতি নীতি বজাই ৰাখি পূজা পালন কৰা হ’ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ আড়ম্বৰবিহীনভাৱে পূজা পালনৰ প্ৰস্তুতি চলাইছে। পূজাস্থলীসমূহত জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ।
ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা হ’ব। এইবাৰ দেৱীৰ হস্তীত আগমন হৈছে আৰু ডোলাত গমন হ’ব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে এই পূজা সম্পন্ন হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পুজা কৰা হয়। এই উপলক্ষে মন্দিৰ প্ৰাঙ্গন পোহৰ আৰু ফুলেৰে সজাই পৰাই তোলাৰ লগতে এই সময়ছোৱাত অগণন ভক্তৰ সমাগম হৈছে। গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত মৃন্ময় মূৰ্তিবিহীন পুজাভাগৰ আয়োজন কৰা হৈছে। তাহানীৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই ঐতিহাসিক দেৱালয়ত দেৱী দুৰ্গাৰ আৰাধনা কৰি অহা হৈছে। আধুনিক জাক জমকতা পৰিহাৰ কৰা ৰজাদিনীয়া পৰম্পৰাৰে ১৭ শ শতিকাৰ পৰাই আয়োজন কৰা এই পূজা উপলক্ষে প্ৰতিবছৰে অগণন ভক্তৰ সমগম হয়। নগাওঁ জিলাতো শাৰদীয় দুর্গা পূজাৰ বাবে প্রস্তুতি অব্যাহত আছে। মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে প্ৰতিখন পূজা সমিতিয়ে প্রয়াস কৰিছে। নলবাৰী জিলাতো আজি নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়। ষষ্ঠীৰ দিনাৰ পৰা মূল শাৰদীয় দুর্গোৎসৱ অনুষ্ঠিত হ’ব।
ৰাজ্য চৰকাৰে ৰাজ্যৰ ৭ হাজাৰ ৮১৭ খন দূর্গা পুজা সমিতিলৈ উৎসৱ উদ্যাপনৰ সহায় হোৱাকৈ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব। ইতিমধ্যে এই অনুদান বিতৰণৰ বাবে জিলা আয়ুক্তসকলক ধনৰাশি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৰাজ্যৰ মুখ্য সচিব ডাঃ ৰবী কোটাৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ধনৰাশি বিতৰণ সন্দৰ্ভত পৰামৰ্শ দিয়া হয়।