ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 6:24 PM | Durand Cup

printer

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

 সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলখন অলপ পাছতে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ’ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।