ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 12:43 PM | Durand Cup

printer

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত ইষ্ট বেংগলৰ হাতত মোহন বাগান ছুপাৰ জায়েণ্টে ২-১ৰ ব্যৱধানত পৰাস্ত

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগলে মোহন বাগান ছুপাৰ জায়েণ্টেক ২-১ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জামছেদপুৰৰ জে আৰ ডি টাটা স্পর্টছ কমপ্লেক্সত অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ এফ চিয়ে জামছেদপুৰ এফ চিক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

উল্লেখযোগ্য যে মোহন বাগানে অষ্টাদশবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইষ্ট বেংগলে নিজৰ সপ্তদশ খিতাপৰ বাবে অৱতীৰ্ণ হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।