ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 11:53 AM | Durand Cup

printer

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেডৰ শ্বিলং লাজং দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত কালি নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং দলক ২-১ৰ ব্যাৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধতে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ১-০ৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে ৮১ মিনিটত এটা গল দি সমতা স্থাপন কৰে। যদিও ইযাৰ খন্তেক পাছতে নৰ্থ-ইষ্ট ইউনাইটেডৰ ফৰৱাৰ্ড খেলুৱৈ আলাদ্দিন আজাৰিয়ে আন এটা গল দি দলটোক জয়ৰ দিশে লৈ যায়। এই জয়ৰ সুবাদত নৰ্থ-ইষ্ট ইউনাইটেড এফ চি প্ৰতিযোগিতাৰ গ্ৰুপ-ইৰ শীৰ্ষ স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক