১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত বড়োলেণ্ড এফ চি – কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এই খেলখন বিয়লি চাৰি বজাত আৰম্ভ হ’ব। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড ফুটবল প্রতিযোগিতাত অসমৰ দুটা ফুটবল ক্লাৱে খেলাৰ সুযোগ লাভ কৰিছে। ইপিনে, মণিপুৰৰ ইম্ফলত ট্রাউ এফ চি আৰু নেৰ’কা এফ চিৰ মাজত আজি অনুষ্ঠিত গ্রুপ খেলখন ১-১ গলত অমিমাংসিত হৈ ৰয়। খেলখনৰ দ্বিতীয়াৰ্ধত ৰাজে দিয়া গ’লেৰে ট্রাউ এফ চিয়ে অগ্রগতি লাভ কৰে। খেলৰ অন্তিমখনত অৰুণ জেকিয়ে দিয়া গলেৰে নেৰ’কা এফ চিয়ে খেলখনত সমতা স্থাপন কৰে।
Site Admin | July 30, 2025 8:59 PM | Durand Cup
১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ বড়োলেণ্ড এফ চি – কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ
