ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি

যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিক ৪-০ গ’লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত আলাদিন আজাৰায়ে জিতিনৰ পৰা সুন্দৰ বল লাভ কৰি প্ৰথমটো গ’ল দিয়ে। দ্বিতীয়ার্ধত বড়োলেণ্ড এফ চিয়ে গ’ল কৰাৰ চেষ্টাৰে আক্ৰমণ কৰে যদিও এই ৰণনীতিয়ে দলৰ ৰক্ষণ বিভাগ দুৰ্বল কৰি তোলে। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ইউনাইটেডে আৰু তিনিটা গ’ল কৰে। ছেমিফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ’ব। শ্বিলং লাজং এফ চিয়ে শ্বিলঙত অনুষ্ঠিত প্রথমখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় নৌ সেনা দলক ২-১ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে।

প্রতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত হ’বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগলৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ’ব। এই খেলৰ বিজয়ী দলটো ছেমিফাইনেলত জমছেদৰ এফ চি আৰু ডায়মণ্ড হাৰ্বাৰ এফ চিৰ মাজৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ’ব।