ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 8:00 PM | Dubai crown

printer

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডুবাইৰ যুৱৰাজৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ উপ প্রধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ যুৱৰাজ শ্বেইখ হামদান বিন মহম্মদ আল মাকট’মে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। ডুবাইৰ যুৱৰাজ হিচাপে এয়া হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে কেইবাগৰাকী মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু উচ্চ পৰ্যায়ৰ এটা ব্যৱসায়ীক প্ৰতিনিধিৰ দল ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সন্মানার্থে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে। ভ্ৰমণকালত তেওঁ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব। সন্ধিয়াৰ ভাগত তেওঁ মুম্বাইলৈ ৰাওনা হ’ব আৰু তাত তেওঁ দুয়োখন দেশৰ প্ৰখ্যাত ব্যৱসায়ী সকলৰ সৈতে এখন ঘুৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। এই বাৰ্তালাপে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ভাৰতৰ অৰ্থনৈতিক আৰু ব্যৱসায়ীক সহযোগিতা সূদৃঢ় কৰিব। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি ভাৰত আৰু দেশখনৰ মাজত ব্যৱসায়ীক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ প্ৰায় ৪৩ লাখ লোক ৰাষ্ট্ৰখনত বসবাস কৰাৰ লগতে আৰু বিভিন্ন কৰ্মত জড়িত হৈ আছে। যুৱৰাজগৰাকীৰ এই ভ্রমণে দেশ দুখনৰ মাজত উমৈহতীয়া কৌশলগত অংশীদাৰিত্ব আৰু ডুবাইৰ সৈতে বহুপাক্ষিক সম্বন্ধ সুদৃঢ় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।