সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব‘ ২০২৫ আৰম্ভ হ‘ব। দুদিনীয়া এই প্রদর্শনীত প্ৰতিৰক্ষা বিভাগে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। ভাৰতীয় বায়ুসেনায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সূৰ্য কিৰণ এৰ‘বেটিক টীম আৰু এল চি এ তেজস্বৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্রী সঞ্জয় সেঠে ভাৰতীয় দলক নেতৃত্ব দিব। এই ভ্রমণকালত শ্রীসেঠে ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশ ল‘ব। তেওঁ লগতে ভাৰতৰ প্ৰতিৰক্ষা প্রযুক্তি আৰু নির্মাণ সন্দর্ভত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত ইউ এ ই, অস্ট্রেলিয়া, আমেৰিকা, ব্রাজিল, ব্রিটেইন আৰু ইটালীৰ সৰ্বমুঠ ৫০টা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত ভাগ ল‘ব।
ডুবাই এয়াৰ শ্ব‘ হৈছে দুবছৰীয়া এক বৃহৎ প্রদর্শন। য‘ত বৃহৎ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কোম্পানীসমূহৰ লগতে ১৫০ খন দেশৰ এহেজাৰতকৈও অধিক প্রদর্শক আৰু এক লাখ ৪০ হাজাৰতকৈও অধিক ঔদ্যোগিক বিষয়াই আগভাগ গ্রহণ কৰে।