December 12, 2025 12:03 PM | Dubai

printer

ডুবাইত আজিৰে পৰা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আৰম্ভ

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ২০২৫ আজি ডুবাইত আৰম্ভ হব। ডুবাইৰ আই চি চি একাডেমী গ্রাউণ্ডত আজি প্রতিযোগিতাৰ উদ্বোধনী খেলখনত আয়ুষ মহাত্রে নেতৃত্বাধীন ভাৰতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা চাৰে ১০ বজাত আৰম্ভ হৈছে। পৰহিলৈ ভাৰতীয় দলটো চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব।

এইবাৰ প্রতিযোগিতাত মুঠ ৮টা এছিয়ান দলক দুটাকৈ গ্ৰুপত ভাগ কৰা হৈছে। ভাৰতৰ লগতে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট পাকিস্তান আৰু মালয়েছিয়াক গ্রুপ-এত স্থান দিয়াৰ লগতে বাংলাদেশ, শ্রীলংকা, আফগানিস্তান আৰু নেপালক গ্রুপ বিত অন্তর্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দুটাকৈ দল ছেমি ফাইনেলৰ কাৰণে বাছনি কৰা হব। অহা ২১ ডিচেম্বৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হব।