আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভবিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ’ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্রযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
Site Admin | January 2, 2026 12:37 PM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা প্ৰচাৰ