ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2025 12:07 PM | Dristripaat

printer

আকাশবাণীৰ দৃষ্টিপাতত আজি স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ –Untold Stories of the Freedom struggle from North East India ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড সমুদ্ৰ গুপ্ত  কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ  বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিবেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ’বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে- 0361-2661876, 2662325।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।