ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 12:25 PM | Drop out child

printer

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা

ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়টো লৈ ৰাজ্য চৰকাৰ চিন্তিত হোৱাৰ লগতে এই দিশত যথোচিত ব্যৱস্থাও গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনোৱা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে যিকেইখন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে সেয়া চিনাক্ত কৰি এই দিশত তৎপৰতাৰে কাৰ্যপন্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত মূলতঃ চাহ বাগিচা আৰু চৰ অঞ্চলসমূহত সৰ্বাধিক ছাত্র-ছাত্রীয়ে আধাতেই বিদ্যালয় ত্যাগ কৰাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰি ইতিমধ্যে চাহ বাগিচা অঞ্চলত নতুনকৈ ১০০ খন আদর্শ বিদ্যালয় স্থাপন কৰাৰ কথাও মন্ত্ৰী ডাঃ পেগুৱে জানিবলৈ দিয়ে। চৰ অঞ্চলতো শীঘ্ৰেই একেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে অলপতে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৰাজ্যত ২০২২-২৩ বৰ্ষত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা পূৰ্বতকৈ ২ শতাংশ বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ২০২১-২২ বৰ্ষত ৰাজ্যত ৮. ৮ – ১ শতাংশ শিক্ষার্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছিল। ২০২২-২৩ বৰ্ষত এই হাৰ ১০. ৩ – ০ শতাংশলৈ বৃদ্ধি পায়।

অধিক পঢ়ক

সকলো চাওক