ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2025 8:55 PM | driving school

printer

দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই এই সন্দৰ্ভত অতি সোনকালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মহনে সদৰি কৰিছে। হাউলীত আজি ৰাজ্যৰ দ্বিতীয়টো চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্রিয় ড্রাইভিং টেষ্ট ট্রেক উদ্বোধন কৰি মন্ত্ৰী শ্ৰীমহনে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত যুৱ সমাজৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি হ’ব। ইয়াৰ ফলত দুৰ্ঘটনা ৰোধ, যান-জঁটৰ সমস্যা, তীব্ৰ গতি আৰু সুৰাপান কৰি গাড়ী চলোৱা আদি সমস্যাসমূহো হ্ৰাস পাব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। হাউলীত আজি উদ্বোধন কৰা প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা বছৰি ছহেজাৰ দক্ষ বাহন চালক সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছে বুলি তেওঁ কয়।